শ্লোক ১.১৩: তাৰ পাছত শংখ, ভেৰী, ঢোল, মৃদংগ আৰু শিঙা একলগে বাজি উঠিল, সেই শব্দ অতি ভয়ংকৰ আছিল। শব্দৰ অৰ্থ: ততঃ - তাৰ পাছত, শংখাঃ - শংখ, চ - আৰু, ভেৰ্যঃ - ভেৰী, চ - আৰু, পণবানকগোমুখাঃ - ঢোল, মৃদংগ আৰু শিঙা, সহসা এব - হঠাত, অভ্যহন্যন্ত - বাজি উঠিল, সঃ - সেই, শব্দঃ - শব্দ, তুমুলঃ - ভয়ংকৰ, অভবৎ - আছিল।
★🔗