**২.৩১** স্বধৰ্ম্ম (ক্ষত্ৰিয়ৰ ধৰ্ম) চিন্তি তুমি কদাপি কম্পিত নহবাঁ; কিয়নো ক্ষত্ৰিয়ৰ বাবে ধৰ্মযুদ্ধতকৈ অধিক মঙ্গলকৰ একো নাই।
**ভাষ্য:**
[প্ৰথম দুই শ্লোকত যুদ্ধত লিপ্ত হোৱাৰ কল্যাণ বৰ্ণোৱা হৈছে।] "স্বধৰ্ম্ম চিন্তি তুমি কদাপি কম্পিত নহবাঁ" – এই 'স্ব' বা আত্মা হৈছে পৰম ঈশ্বৰৰ এক অংশ। যেতিয়া ই শৰীৰৰ সৈতে নিজকে অভিন্ন বুলি ভাবে, তেতিয়া যিটো বস্তুক ই 'নিজ' বুলি গণ্য কৰে, সেইটোৰ সৈতে জড়িত কৰ্তব্যকে 'স্বধৰ্ম' বোলা হয়। উদাহৰণস্বৰূপে, যদি কোনো ব্যক্তিয়ে নিজকে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য বা শূদ্ৰ বুলি ভাবে, তেন্তে তেওঁৰ নিজৰ বৰ্ণ অনুসৰি কৰণীয় কাৰ্য্য কৰাটোৱেই হৈছে তেওঁৰ স্বধৰ্ম। যদি কোনোৱে নিজকে গুৰু বা সেৱক বুলি ভাবে, তেন্তে গুৰু বা সেৱকৰ কৰ্তব্য পালন কৰাটোৱেই হৈছে তেওঁৰ স্বধৰ্ম। যদি কোনোৱে নিজকে কাৰোবাৰ পিতৃ বা কাৰোবাৰ পুত্ৰ বুলি ভাবে, তেন্তে পুত্ৰৰ প্ৰতি বা পিতৃৰ প্ৰতি কৰণীয় কৰ্তব্য পালন কৰাটোৱেই হৈছে তেওঁৰ স্বধৰ্ম।
ইয়াত, ক্ষত্ৰিয়ৰ কৰ্তব্য-নিৰ্দিষ্ট কাৰ্যটোকেই 'ধৰ্ম' নামেৰে নিৰ্দেশ কৰা হৈছে (দেখক টোকা পৃষ্ঠা ৭১.২)। ক্ষত্ৰিয়ৰ বিশেষ কৰ্তব্য-নিৰ্দিষ্ট কাৰ্য হৈছে যুদ্ধৰ পৰা বিমুখ নহোৱা। অৰ্জুন এজন ক্ষত্ৰিয়; গতিকে, যুদ্ধ কৰাটোৱেই হৈছে তেওঁৰ স্বধৰ্ম। এতেকে, ভগৱানে কৈছে যে স্বধৰ্মৰ দৃষ্টিকোণৰ পৰাও চালে, ক্ষত্ৰিয়ধৰ্ম অনুসৰি, যুদ্ধ কৰাটোৱেই তোমাৰ কৰ্তব্য। তুমি কেতিয়াও তোমাৰ কৰ্তব্যৰ পৰা বিচ্যুত নহ'বাঁ।
"ক্ষত্ৰিয়ৰ বাবে ধৰ্মযুদ্ধতকৈ অধিক মঙ্গলকৰ একো নাই" – ক্ষত্ৰিয়ৰ বাবে ধৰ্মযুদ্ধতকৈ শ্ৰেষ্ঠ আন কোনো মঙ্গলময় কাৰ্য নাই, অৰ্থাৎ ক্ষত্ৰিয়ৰ বাবে বিশেষ কৰ্ম হৈছে ক্ষত্ৰিয়ৰ ধৰ্মৰ পালন (গীতা ১৮.৪৩)। [একেদৰে, ব্ৰাহ্মণ, বৈশ্য আৰু শূদ্ৰৰ বাবেও নিজ নিজ ধৰ্ম পালনতকৈ আন কোনো মঙ্গলময় কাৰ্য নাই।]
সপ্তম শ্লোকত অৰ্জুনে প্ৰাৰ্থনা কৰিছিল, "মোৰ মঙ্গল কি, তাক নিশ্চয়কৈ মোক কোৱা।" তাৰ উত্তৰত ভগৱানে কৈছে যে স্বধৰ্মত অৱস্থান কৰিলেহে মঙ্গল (কল্যাণ) লাভ হ'ব। যিকোনো দৃষ্টিৰে চালে স্বধৰ্ম ত্যাগ কৰাটো মঙ্গলকৰ নহয়। গতিকে, তুমি তোমাৰ কৰ্তব্য, যি এই যুদ্ধৰ ৰূপত উপস্থিত হৈছে, তাৰ পৰা বিমুখ নহ'বাঁ।
★🔗